Show/Hide Keyboard Layout

এই লুইত কাবেৰী

- হেমেন হাজৰিকা

এই লুইত কাবেৰী সিন্ধু গংগা

বৈ যায় যায় বৈ

তাৰ লহৰে লহৰে, চহৰে নগৰে

কৈ যায় যায় কৈ ।

 

মই মিলি যাম এই দেশৰ ধূলিত

মিলি যাম মই সাৰুৱা মাটিত

মিলি যাম এই পাহাৰে ভৈয়ামে

সেউজী সেউজী সেউজী হৈ ।

 

এই মাটিতে মেলিলো নয়ন

মাটিতেই হওঁক শান্তি শয়ন

এই মাটিতেই মানৱী প্ৰেমৰ

বন্তিও জ্বলে পোহৰ হৈ ।

 

মই মিলি যাম নীল সাগৰে সাগৰে

মিলি যাম সৌ পথাৰে পথাৰে

উৰি ৰ’ম মই আকাশে বতাহে

ৰঙা গোলাপৰ সুবাস হৈ ।

 

মই আকৌ আহিম দেশৰ বাবে

আহিম আকৌ দহৰ বাবে

ন-সমাজৰ আঁচনি লৈ

পুনু মিলি যাম মই দেশৰ ধূলিত

মিলি যাম মই সাৰুৱা মাটিত

অনু পৰমাণু হৈ

এই লুইত কাবেৰী ...

Hits: 1696